Psalms 110

দায়ুদৰ ৰচিত গীত।

1যিহোৱাই মোৰ প্ৰভুক ক’লে,
“যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ,
তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”


2যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব,

তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।”
3যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে,
পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব;
ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ঁৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব।

4“তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।”

যিহোৱাই এই শপত খালে;
তেওঁ নিজৰ মন সলনি নকৰিব।

5যিহোৱা তোমাৰ সোঁহাতে আছে;

ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব।
6তেওঁ জাতিসমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব,
তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব;
তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব।

তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব;

তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।
7

Copyright information for AsmULB